স্বাধীনতা সংগ্ৰামী সকলৰ আত্ম বলিদান আৰু চৰম ত্যাগক স্বেচ্ছামূলক ৰক্তদানৰ জৰিয়তে যুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে বেচৰকাৰী সংস্থা ক্ৰিষ্টেল ভিজনে ২০১২ চনৰ পৰা সম্পন্ন কৰি অহা স্বাধীনতাৰ ৰক্তদান কাৰ্যসূচী এইবাৰো সফলতাৰে ৰূপায়ন কৰা হয়। স্বাধীনতাৰ পয়সত্তৰ বছৰ পূৰ্তিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ ৰক্ত সংৰচন সংসদে ব্যৱস্হা কৰা শীত তাপ নিয়ন্ত্ৰিত ৰক্ত সংগ্ৰহ বাহনত আৰু মঙলদৈ ৰক্ত ভড়াল কৰ্তৃপক্ষ আৰু দ্য মঙলদৈ ক্লাবৰ সহযোগত কালি দিনজোৰাকৈ এই ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয়।এই কাৰ্যসূচী আনুষ্ঠানিক ভাবে দ্য মঙলদৈ ক্লাব প্ৰাংগনৰ পৰা শুভাৰম্ভ কৰে জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। এই শুভাৰম্ভণিৰ সৈতে ৰজিতা খুৱাই ৰক্তদানৰ উপযোগিতা সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয় । সভাত জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা, মঙলদৈ পৌৰসভাৰ সভানেত্ৰী নিৰ্মালি দেবী শৰ্মা , মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠক , জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়া , মঙলদৈ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ ডাউদ আলী, সহকৰী চিকিৎসা বিষয়া ডাঃ নিলয় তালুকদাৰ , দ্য মঙলদৈ ক্লাবৰ উপসভাপতি ডাঃ ব্ৰজেন ভট্টাচাৰ্য , বিশিষ্ট উদ্যোগপতি তথা ৰক্তদাতা অনুপম ডেকা , শিক্ষাবিদ ড৹ বুধিন হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ এন ছি ছি ছোৱালী আৰু ল'ৰা বিভাগৰ ভাৰপ্ৰাপ্ত শিক্ষক ক্ৰমে ড৹ লীনা শইকীয়া আৰু হৰিমন ডেকা আদি ভালেমান বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে । কাৰ্যসূচীত মঙলদৈৰ চক্ৰ বিষয়া নয়নজ্যোতি পাঠক, ডাঃ উজ্জ্বল জ্যোতি শৰ্মাৰ লগতে ক্ৰিষ্টেল ভিজন, দ্য মঙলদৈ ক্লাব, ৰামহৰিৰ নৰ্থ ইষ্ট নিউট্ৰিয়েন্টছ আৰু ঔদ্যোগিক পামৰ এছ আৰ ডি নিউট্ৰিয়েন্টছ ৰ বিষয়া, কৰ্মচাৰীকে ধৰি মুুঠ পঞ্চাছ জন ৰক্তদাতাই ৰক্তদান কৰে । ৰক্তদাতা সকলক ৰক্তদানৰ লগে লগে ক্ৰিষ্টেল ভিজন আৰু মঙলদৈ ৰক্ত ভড়ালৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર શહેરમાં આમ આદમી પાર્ટી નનો પ્રચાર શરૂ
વિધાનસભાની ચૂંટણી આવતાની સાથ જ વિવિધ રાજકીય પાર્ટીઆ મતદારાને વાચદાઆની લાહણીઓ કરવા નીકળી પડયા છે....
एक शाम मां उजली बायोसा के नाम दो दिवसीय कार्यक्रम का होगा आयोजन
एक शाम मां उजली बायोसा के नाम दो दिवसीय कार्यक्रम का होगा आयोजन
श्री मां उजली बायोसा मंदिर विकास...
The Gujju Talk Show With Nadeem Wadhwania | Maulik Mehta | Gujarati Film Industry
The Gujju Talk Show With Nadeem Wadhwania | Maulik Mehta | Gujarati Film Industry