সোণাৰি চাফ্ৰাই অভয়পুৰত মূখামূখি সংঘৰ্ষ।সোণাৰি চাফ্ৰাই অভয়পুৰত পথ দূৰ্ঘটনা । মূখামূখি সংঘৰ্ষৰ ফলত গুৰুত্বভাৱে আহত বাইক আৰোহীৰ।
সোণাৰিত চাফ্ৰাই অভয়পুৰত ভয়ংকৰ পথ দূৰ্ঘটনা। বাইক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ। সোণাৰি অভয়পুৰ তিনিআলিত Yamaha R15 আৰু Chevrolet Beat মাজত মখামুখি সংঘৰ্ষত বাইক আৰোহী অৰ্ণৱ নায়ক গুৰুতৰ ভাবে আহত। অৰ্নব নায়কৰ ঘৰ মথুৰাপুৰ আৰক্ষীৰ অন্তৰ্গত বাউলী পুখুৰীত । বৰ্তমান অৰ্নৱ নায়কক ততাতৈয়াকৈ জিলা আৰক্ষীয়ে ৰজাপুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় । হেলমেট পৰিধান নকৰাকৈ বাইক চলাই আহি থকাৰ সময়তে আৰক্ষীয়ে ৰবলৈ নিৰ্দেশ দিছিল বাইক আৰোহী জনক ।আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাই যাবলৈ চেষ্টা কৰোতেই তীব্ৰ বেগত মূখামূখিকৈ খুন্দা মাৰাৰ ফলত এই দূৰঘটনা সংঘটিত হয় ।