সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক মহলাৰ কলা শাখাৰ চূড়ান্ত ফলাফলত গোলাঘাট জিলাৰ কমাৰগাঁও কলেজৰ কৰিণা বৰাই ইংৰাজী বিভাগ (English Department) ত বিশ্ববিদ্যালয়ৰ ভিতৰত ১৬ সংখ্যক স্থান লাভ কৰে৷ একাণপতীয়া প্ৰচেষ্টাৰে ক্ৰমাগতভাৱে কৰিণা বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ, উচ্চতৰ মাধ্যমিকত ষ্টাৰ আৰু স্নাতকত A+ গ্ৰেডেৰে স্থান লাভ কৰিবলৈ সক্ষম হয়৷

নিজৰ এই সাফল্যৰ বাবে কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজুলী বৰচেতিয়া, অধ্যাপিকা ড° গায়ত্ৰী বৰা কাকতি,অধ্যাপক গৌতম শইকীয়া, অধ্যাপক অঞ্জন শইকীয়াৰ লগতে ইংৰাজী বিভাগৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে কৰিণা বৰাই ৷ সৰুৰেপৰাই গল্প, কবিতা, প্ৰৱন্ধকে ধৰি সাহিত্য চৰ্চা কৰি অহা অধ্যয়নপ্ৰিয় কৰিণা বৰাই বহু প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰাৰ সমান্তৰালভাৱে বিভিন্ন সম্বৰ্ধনাও লাভ কৰি আহিছে।

কমাৰগাঁৱৰ সমীপৱৰ্তী বৰাহী গাঁৱৰ নিবাসী ব্যৱসায়ী ইয়াৰাণা বৰা আৰু শিক্ষয়িত্ৰী মাতৃ মনালিছা চেতিয়া বৰাৰ কন্যা কৰিণা বৰাৰ এই সাফল্যত কমাৰগাঁও অঞ্চলৰ বিভিন্ন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰাৰ লগতে আনন্দিত হৈ পৰিছে কমাৰগাঁও কলেজ আৰু জন্ম গাঁও বৰাহী চংকলাবাসী।