দেশৰ অন্যান্য ঠাইৰ লগতে বিশ্বনাথ চাৰিআলিতো 

ভাৰতবৰ্ষ ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ১৩ অাগষ্টৰ পৰা ১৫ অাগষ্ট লৈকে ঘৰে ঘৰে ত্ৰিৰংগা লগোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই ঘৰ ত্ৰিৰংগা লগোৱা সজাগতা অভিযান কাৰ্যসূচী। এই উপলক্ষে আজি বিশ্বনাথ চাৰিঅালিৰ পৰা বিশ্বনাথ ঘাটলৈকে বিশ্বনাথ চাৰিঅালি ঘাট ষ্টেণ্ড, কুমলীয়া ষ্টেণ্ড, শ্লপিং টেম্পো ষ্টেণ্ডৰ উদ্যোগত এক সতাধীকৰ অধিক টেম্পো বাহন সমুহত জাতিয় পতকা লগাই ৰেলী কৰে । বিশ্বনাথ চাৰিঅালিৰ পৰা বিশ্বনাথ ঘাট হৈ কমেও ২৫ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ বিশ্বনাথ নগৰত সমদলটি উপস্থিত হয়।  

বিশ্বনাথ বাসী ৰাইজক ১৩ অাগষ্টৰ পৰা ১৫ অাগষ্ট লৈকে ঘৰে ঘৰে ত্ৰিৰংগা লগাবলৈ অাহ্বান কৰে।