বিহপুৰীয়া সমষ্টিত প্ৰথম আদৰ্শ অংগনবাদী কেন্দ্ৰ আজি নাৰায়ণপুৰত মুকলি কৰা হয়। নাৰায়ণপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনস্থ নেৰিয়াপথাৰ অংগনবাদী কেন্দ্ৰটোক আদৰ্শ কেন্দ্ৰৰুপে নিৰ্মাণ কৰাত আজি স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই আনুষ্ঠানিকভাৱে মুকলি কৰে।

বিহপুৰীয়া সমষ্টিত এনে বহুকেইটা কেন্দ্ৰ নিৰ্মাণৰত অৱস্থাত আছে যদিও বৰ্তমানেও কোনো এটা কেন্দ্ৰ সম্পুৰ্ণ হোৱা নাই। তাৰমাজতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নিৰ্মাণ সম্পূৰ্ণ হোৱা নেৰিয়াপথাৰ আদৰ্শ কেন্দ্ৰটো আজি মুকলি কৰি বিধায়কগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ৷