ঢকুৱাখনাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীযা আৰু কেইবাখনো লেণ্ড স্পাৰৰ কাম পৰিদৰ্শন কৰে স্থানীয় বিধায়ক নৱকুমাৰ দলেই 

জিঅ' বেগৰ পৰিবৰ্তে নিম্নমানৰ প্লাষ্টিক বেগ দি ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা

ঢকুৱাখনা মাতমৰাত কোটিটকীয়া জিঅ' বেগ স্থাপন আঁচনিৰ নামত লুণ্ঠন ঠিকাদাৰ গোষ্ঠীৰ

বছৰৰ প্ৰথমটো বানৰ পানীতে উটি গ'ল মাতমৰা লেণ্ড স্পাৰৰ কেইবাটাও অংশৰ নিম্নমানৰ জিঅ' বেগ৷ ৰাজ্যৰ চৌদিশে ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নৈৰ মথাউৰি চিগাৰ ফলত জটিল বানপৰিস্থিতি সৃষ্টি হোৱাৰ লগতে বিভিন্ন ঠাইত মানুহ,পশুধনে হাহাকাৰ কৰিব লগা হৈছে৷সেই সময়তে ঢকুৱাখনা মাতমৰাৰ জিঅ' টিউব মথাউৰি সুৰক্ষাৰ হকে নিৰ্মাণ কৰা লেণ্ড স্পাৰৰ কাষত ব্ৰহ্মপুত্ৰৰ সোঁতৰ গতি ৰোধ কৰা আৰু খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ স্থাপন কৰাৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰিছে ঠিকাদাৰ আৰু ঢকুৱাখনা জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তা মিলি।ঢকুৱাখনা জলসম্পদ বিভাগৰ অধীনত মাতমৰা লেণ্ড স্পাৰত ৰূপায়ণ হৈ থকা জিঅ' বেগ স্থাপনৰ বেলিকা উন্নত মানৰ জিঅ' বেগৰ পৰিবৰ্তে অতি নিম্ন মানৰ প্লাষ্টিক বেগহে স্থাপন কৰিছে। ফলস্বৰূপে যোৱা এটা বানপানীতে মাতমৰাৰ লেণ্ড স্পাৰৰ কাষত স্থাপন কৰা নিম্ন মানৰ জিঅ' বেগ ফাটি-চিটি ব্ৰহ্মপুত্ৰৰ বুকুত বহি যোৱাত এতিয়া গৰাখহনীৰ সৃষ্টি হৈছে।আজি স্থানীয় বিধায়ক নৱ কুমাৰ দলেয়ে লেণ্ড স্পাৰৰ কাম পৰিদৰ্শন কৰি ঠিকাদাৰে স্থাপন কৰা নিম্নমানৰ জিঅ' বেগ শীঘ্ৰেই আঁতৰাই উন্নত মানৰ বেগ লগাবলৈ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক।ইফালে স্থানীয় ৰাইজে বানপানীৰ সময়ত ৰাইজৰ জীৱন-মৰণৰ সমস্যা জড়িত থকা মাতমৰা জিঅ' টিউব মথাউৰিটোৰ সুৰক্ষাৰ ক্ষেত্ৰত ঠিকাদাৰে লুণ্ঠনৰ বাবে নিম্ন মানৰ জিঅ' বেগ স্থাপন কৰাত ক্ষুব্ধ হৈ পৰিছে।