ভাৰত বৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি ৰাতিপুৱা পাথৰিঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত এখন মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতা খন উদ্ভোধন কৰে আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেৱানন্দ দাসে।

পাথৰিঘাট আৰক্ষী চকীৰ বিষয়া বুদ্ধেশ্বৰ বৰদলৈ, সদৌ দৰং জিলা ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ছাজিছ আলম, মিনহাজুদ্দিন আহমেদ, পাথৰিঘাট আছুৰ সাধাৰণ সম্পাদক নুৰ আলম, উপ-সভাপতি বিপুল হক, সহঃ সাধাৰণ সম্পাদক আজাৰুল ইছলাম, মূখ্য সাংগঠনিক সম্পাদক মাচুম ৰিজুৱান, বিত্ত সম্পাদক মিৰ আলম ছিদ্দিকে।

তত্ত্বাবধান কৰা প্ৰতিযোগিতা খনত প্রথম পুৰষ্কাৰ লাভ কৰে ৰঙামাটিৰ যুৱৰাজ ডেকাই, দ্বিতীয় পুৰষ্কাৰ লাভ কৰে হাজৰিকাপাৰাৰ যুগল কলিতা আৰু তৃতীয় পুৰষ্কাৰ লাভ কৰে ৰঙামাটিৰ পলাশজ্যোতি নাথে। লগতে অনুপ্ৰেৰণা মূলক পুৰষ্কাৰ লাভ কৰে ধীৰেণ শৰ্মা, কংকনা কলিতা আৰু মনিকা ভূঞাই। নিউজ ডেস্ক ৰিপ'ৰ্ট টকচ্ ফৰ আছাম।