নগাঁও জিলাৰ কলিয়াবৰৰ গোমোঠাগাঁৱত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী নিহত হৈছে। নিহত যুৱকজন জিতু মণি বৈশ্য বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, অচিনাক্ত ট্ৰাকৰ খুন্দাত নিহত হোৱা যুৱকজন কলিয়াবৰ বৈদ্যুতিক সংমণ্ডলৰ অশ্থায়ী কৰ্মচাৰী আছিল। তেওঁৰ ঘৰ কলিয়াবৰৰ চতিয়ালত।

এ এছ ১২ ৱাই ৫২৪৪ নম্বৰেৰে এখন বাইকত ঘৰলৈ গৈ থকা অৱস্থাতে দ্ৰুতবেগী ট্ৰাকে খুন্দিয়াই যুৱকজনক।