শিৱসাগৰ জিলাৰ পৰিবহন বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কৰে বিক্ৰম সন্থাৰ। প্ৰতিবাদত মুখৰ হৈ পৰে পৰিবহন বিষয়াৰ কাৰ্য্যালয়। কেইবা শতাধিক বিক্ৰম চালক আৰু মালিক পক্ষই প্ৰতিবাদ সাব্যস্ত কৰে জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত উল্লেখনীয় যে নগৰৰ মাজত যধেমধে ই ৰিক্সাৰ চলাচলৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ এইসকল প্ৰতিবাদ কাৰীৰ।নীতি বৰ্হিভূত ভাৱে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে প্ৰকৃত ই-ৰিক্সাচালক সকলৰ।এই প্ৰতিবাদত অংশ গ্ৰহন জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ।