দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত জাতীয় পতাকাৰে উজ্বলিছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ৰে'ল আৰু স্থল পথৰ ব্যৱস্থা থকা বগীবিল দলং। ধেমাজি আৰু ডিব্ৰুগড় সংযোগী অসমৰ চতুৰ্থখন দলঙত শোভাবৰ্ধন কৰিছে জাতীয় পতাকাই।
ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ প্ৰচেষ্টাত বগীবিল দলঙৰ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ পথৰ দুয়োকাষে জাতীয় পতাকাৰে সজাই তোলা হৈছে। আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে বগীবিল দলঙত এনেদৰে প্ৰথমবাৰলৈ সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।মুঠ এহেজাৰ ত্ৰিৰংগা পতাকাৰে বগীবিল দলঙৰ ওপৰিভাগ সজাই তোলা হৈছে। বগীবিল দলঙৰ এই কাৰ্যসূচীত টাকাম মিচিং পৰিণ কেবাঙে সহযোগিতা আগবঢ়াইছে।