শিৱসাগৰ: সদৌ অসম কবি সন্মিলনৰ অন্যতম সক্ৰিয় শাখা শিৱসাগৰ কবি চক্ৰৰ বাৰ্ষিক অধিৱেশনখনি 'ঐক্য’ৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। নিবন্ধকাৰ মুকুল নাথৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গৱেষক-সমালোচক অসীম কুমাৰ হাজৰিকাই কয় যে, কবিতাত সম্পৰীক্ষা লাগিব কিন্তু কবিতাৰ মাজত যদি পাঠকে নিজকে বিচাৰি নাপায় তেনে কবিতা জীয়াই থাকিব বুলি ভাবিব নোৱাৰি। অধ্যয়নপুষ্ট হৈ কবিতাৰ চৰ্চা কৰিলেহে আমাৰ কবিতাই বিশ্বৰ লগত ফেৰ মাৰিব পাৰিব। সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড০ মাণিক শইকীয়াই নিজৰ বক্তব্যত কয়, অসমীয়া ভাষা বিশ্ব সাহিত্যৰ সমপৰ্যায়তে আছে কিন্তু মাথোঁ অসমীয়া ভাষাত চৰ্চা কৰাৰ বাবেহে ফেৰ মাৰিবলৈ সমৰ্থ হোৱা নাই। আমাৰ সকলো সাহিত্য অনুবাদ কৰিব নোৱাৰি, উদাহৰণস্বৰূপে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজিৰ কথা আঙুলিয়াব পাৰি। কেন্দ্ৰীয় উপ-সভাপতি উজ্জ্বল পাওগামে বহুকেইজন জ্যেষ্ঠ কবিয়ে নতুন প্ৰজন্মক বাট দেখুৱাই আগবঢ়াই লৈ যাব নোৱৰাটো এক নেতিবাচক দিশ বুলি আক্ষেপ প্ৰকাশ কৰে। প্ৰধান সম্পাদক পাৰভিজ হুছেইনে শাখাসমূহৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ আহ্বান জনোৱাৰ লগতে আগন্তুক কেন্দ্ৰীয় অধিৱেশন শিৱসাগৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে হ’ব বুলি ঘোষণা কৰে। জিলা সমিতিৰ সম্পাদক কুন্তলা কল্যাণী সন্দিকৈয়েও সভাত বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে, বিদায়ী সম্পাদক জয়জ্যোতি গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰশান্ত বৰগোহাঁইৰ সম্পাদিত শিৱসাগৰ কবি চক্ৰৰ মুখপত্ৰ 'নিৰিবিলি স্বৰ' উন্মোচন কৰে ড০ মাণিক শইকীয়াই। আনহাতে মণিমালা বৰুৱা দত্তৰ 'মাটি চাকিৰ পোহৰত' আৰু নিৰু চেতিয়া হাজৰিকাৰ 'গাঁৱতেই জনম লভিম' শীৰ্ষক কাব্যগ্ৰন্থ দুখনি উন্মোচন কৰে ক্ৰমে বিশিষ্ট কবি হৰেন গগৈ, অশ্ৰুমণি দত্ত ঘোষ আৰু প্ৰেম গগৈয়ে। উক্ত অনুষ্ঠানতে মণিমালা বৰুৱা দত্তই বৰগীতৰ লগতে চন্দ্ৰলেখা ৰাজখোৱা আৰু জাণ্টুমণি শইকীয়ায়ো গীত পৰিৱেশন কৰে। ইফালে আগন্তুক বৰ্ষৰ বাবে অশ্ৰুমণি দত্ত ঘোষক সভাপতি, মেঘালী হাজৰিকা কাকতি, মণিমালা বৰুৱা দত্তক উপ-সভাপতি, প্ৰশান্ত বৰগোহাঁইক সম্পাদক, সত্যজিৎ নাথ, শিল্পী হাতীবৰুৱা দাসক সহকাৰী সম্পাদক, প্ৰাঞ্জল আবিৰ দাসক পত্ৰিকা সম্পাদক হিচাপে লৈ শিৱসাগৰ কবি চক্ৰৰ নতুন সমিতিখন গঠন কৰা হয়। অনুষ্ঠানত নতুন প্ৰজন্মৰ বহুকেইগৰাকী কবিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানত দীপালী ভট্টাচাৰ্য বৰুৱা, পুঞ্জন বৰুৱা, বিজয় ৰবি দাস, সুৱন সিং গাম, তৰুণ চন্দ্ৰ নাথ, মনোজ কুমাৰ বৰঠাকুৰ, মনোৰঞ্জন বৰগোহাঞি, ব্ৰজেন ফুকন, ত্ৰৈলোক্য দত্ত, মুক্তাৱ হুছেইন, জামালুদ্দিন আহমেদ, বন্দনা কৌশিক বৰদলৈ, গীতালী বুঢ়াগোহাঁই, প্ৰাঞ্জল পূজাৰী, ৰ’জী বি বৰা, জনম খনিকৰ, আকাশ দুৱৰীকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं