এক ভয়ংকৰ বিপদৰ আশংকাত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ খুমটাই আলিমূৰা চেচাপুখুৰী গাঁৱবাসীয়ে । প্ৰায় এমাহ ধৰি অঞ্চলটোৰ কেইবা ঠাইত নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ গেছ । পাইপ থকা ঠাইসমূহত পানীৰে উপচি পৰাৰ পিছত দূৰ-দূৰলৈকে বিয়পিছে বুৰ-বুৰনিৰ শব্দ । বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে । ২০১৪ চনৰ ১ ছেপ্তেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিংৰিজান অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড । এনেদৰে নিৰ্গত হৈ থকা গেছ পাইপত অগ্নি সংযোগ হৈ বিস্ফোৰন হোৱাত শিশু-মহিলাকে ধৰি ৭ জন লোক নিহত হৈছিল ।
এই দুৰ্ভাগ্যজনক ঘটনাক এতিয়াও পাহৰা নাই ৰাইজে । ইফালে এই ঘটনাৰ পৰা এতিয়াও শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথৱা বিভাগীয় কৰ্তৃপক্ষই । শীঘ্ৰে ব্যৱস্থা গ্ৰহন কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে