গুৰুজনাৰ নীতি আদৰ্শৰ আৰ্হি অনুসৰণেৰে প্ৰতিষ্ঠা হোৱা নামঘৰ কৰ্দৈগুৰি বৰনামঘৰ। দুজোপা বিশাল বটবৃক্ষৰ প্ৰচ্ছায়াত গুৰুগম্ভীৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি এই নামঘৰভাগিয়ে সকলোকে আহ্লাদিত কৰি আহিছে। নামঘৰভাগৰ পূৰ্বতে কৰ্দৈগুৰি নামঘৰ, তাৰ পাছত কৰ্দৈগুৰি ডেকা নামঘৰ আৰু বৰ্তমানে কৰ্দৈগুৰি বৰনামঘৰ হিচাপে পৰিচিত। কেইবাটাও পুৰুষৰ ইতিহাস সামৰি, বহু অভিজ্ঞতাৰে পুষ্ট হৈ একুৰি-দুকুৰিকৈ পাৰ হৈ গ’ল চাৰিকুৰিতকৈ অধিক সময়। ঐতিহাসিক বৰনামঘৰভাগিয়ে ৰাইজৰ মনত লাহে লাহে প্ৰসাৰিত হৈ পৰিল। সেয়েহে স্থানীয় ৰাইজে নামঘৰৰ নামগৃহভাগি পুনৰনিৰ্মাণৰ কথা ভাবিলে। সেইসময়তে নামঘৰভাগি পুনৰনিৰ্মাণত ৰাইজৰ কাষত থিয় দিলেহি স্থানীয় ব্যৱসায়ী অমৃত বুঢ়াগোহাঁই। গাঁৱৰ ৰাইজৰ অনুমোদন, বিজ্ঞজনৰ পৰামৰ্শ আৰু আশীৰ্বাদ শিৰত লৈ অমৃত বুঢ়াগোঁহাইয়ে সপোনৰ নামঘৰভাগৰ আৱশ্যকীয় সকলো খৰচৰ যোগান ধৰি পুনৰ্নিমাণৰ সমূদায় দায়িত্ব অকলেই কান্ধপাতি ল’লে। অৱশেষত চাৰি-পাঁচবছৰৰ আহোপুৰুষাৰ্থ প্ৰচেষ্টা, পৰিশ্ৰমৰ ফলশ্ৰুতিত বিভিন্ন প্ৰাণ পায় উঠিল নামঘৰভাগি। 

এই উপলক্ষে নামঘৰভাগিৰ গুৰু আসন প্ৰতিষ্ঠাপন, দ্বাৰ উদঘাটন আদি বিস্তৃত কাৰ্যসূচীৰে কাইলৈৰ পৰা দুদিনীয়াকৈ আনুষ্ঠিত কৰা হৈছে পবিত্ৰ অনুষ্ঠানৰ। 

 এই সম্পৰ্কত নামঘৰভাগ নিৰ্মাণৰ সমস্ত দায়িত্ববহন কৰা অমৃত বুঢ়াগোহাঁইয়ে নিজৰ ভাৱ প্ৰকাশ কৰে এনেদৰে.........

 উল্লেখ্য যে ভাস্কৰ্যশিল্পী বিজু কুমাৰ দাসৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে গুৰুআসনভাগি। গুৰু আসনভাগিত খোদিত কৰিছে ভগৱানৰ বিষ্ণু প্ৰতিটো অৱতাৰৰ প্ৰতিকী। ইয়াৰ লগতে বাটচ’ৰাৰ দেৱালত খোদিত ভগৱান বিষ্ণুৰ দশ অৱতাৰৰ নামঘৰৰ ভাগি আৰু অধিক গুৰুগম্ভিৰ কৰি তুলিছে। বৰনামঘৰভাগিৰ সামগ্ৰিক পৰিৱেশ সৌন্দর্য বর্ণনাতীত ।বিজু দাসৰ বাহিৰেও মৌৰাদাবাদৰ কেইবাগৰাকীও ভাষ্কৰ্যশিল্পীয়ে নামঘৰ নিৰ্মাণত অংশ লৈছিল। সদ্যপ্ৰয়াত গোলাঘাটৰ ভাস্কৰ্যশিল্পী সন্তোষ বৰাইও নামঘৰভাগি নিৰ্মাণত জড়িত আছিল।