মুম্বাই, ১৩ আগষ্ট। আজি প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ জন্মদিন। এই বিশেষ দিনটোত শ্ৰীদেৱীৰ জ্যেষ্ঠ কন্যা অভিনেত্ৰী জাহ্নৱী কাপুৰে তেওঁক স্মৰণ কৰি ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখন জাহ্নৱী কাপুৰৰ শৈশৱৰ দিনৰ। ফটোখনত শ্ৰীদেৱী গুলপীয়া শাৰী পিন্ধি আছে আৰু জাহ্নৱীক নীলা ৰঙৰ ফ্ৰক পিন্ধি থকা দেখা গৈছে। ফটোখনত শ্ৰীদেৱীক কন্যা জাহ্নৱীক বাহুত ধৰি থকা দেখা গৈছে।

এই মৰমলগা ফটখনৰ লগতে জাহ্নৱীয়ে এটা হৃদয়স্পৰ্শী শিৰোনামও লিখিছে। জাহ্নৱীয়ে লিখিছে "শুভ জন্মদিন মাম্মা... মই তোমাক প্ৰতিদিনে বহুত মনত পেলাও। মই তোমাক চিৰকালৰ বাবে ভাল পাওঁ'। 

জাহ্নৱীৰ এই পোষ্টটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। জাহ্নৱীয়ে প্ৰায়ে অনুৰাগীসকলৰ সৈতে শ্ৰীদেৱীৰ ফটো শ্বেয়াৰ কৰে। অনুৰাগীসকলে তেওঁক শ্ৰীদেৱীৰ প্ৰতিলিপি বুলি কয়। শ্ৰীদেৱীয়ে বিচাৰিছিল যে তেওঁৰ কন্যা এগৰাকী শীৰ্ষ অভিনেত্ৰী হওঁক আৰু তেওঁ পৰ্দাত অভিনয় কৰা চাব। কিন্তু কন্যা জাহ্নৱীৰ প্ৰথম ছবি মুক্তিৰ পূৰ্বেই শ্ৰীদেৱীৰ মৃত্যু হয়। সেই সময়ত জাহ্নৱী কাপুৰে 'ধড়ক' বোলছবিখনৰ দৃশ্যগ্ৰহণ কৰি আছিল।

শ্ৰীদেৱী এতিয়া এই পৃথিৱীত নাই, কিন্তু তেওঁৰ কন্যা জাহ্নৱী কাপুৰে তেওঁৰ মাতৃৰ সপোন পূৰণ কৰাত ব্যস্ত হৈ আছে। জাহ্নৱী কাপুৰ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।