নতুন দিল্লী, ১৩ আগষ্ট। কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী পুনৰ কৰোনাত আক্ৰান্ত হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে শনিবাৰে টুইট কৰি এই তথ্য প্ৰদান কৰিছে। ৰমেশে কয় যে শনিবাৰে কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীৰ কোভিড-১৯ পৰীক্ষাৰ প্ৰতিবেদন পজিটিভ আহে। সম্প্ৰতি হোম কোৱাৰেন্টাইনত আছে ছোনিয়া গান্ধী।
লক্ষণীয় যে ইয়াৰ পূৰ্বে জুন মাহতো ছোনিয়া গান্ধী কৰোনাত আক্ৰান্ত হৈছিল। তেতিয়া তেওঁক দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বুধবাৰে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীও কৰোনাত আক্ৰান্ত হৈছিল। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰো স্বাস্থ্য বেয়া হোৱাৰ বাবে ৰাজস্থান ভ্ৰমণ স্থগিত ৰাখিছে।
উল্লেখযোগ্য যে বৰ্তমান দিল্লীত কৰোনা সংক্ৰমণৰ ঘটনা ক্ৰমাগতভাাাৱে বৃদ্ধি হৈ আছে। শুকুৰবাৰে ৰাজধানী দিল্লীত ২,১৩৬টা নতুন ঘটনা পোহৰলৈ আহে। লগতে ১০ জনে প্ৰাণ হেৰুৱায়। অৱশ্যে, ২,৬২৩ জন লোক সম্পূৰ্ণৰূপে আৰোগ্য হৈছে। বৰ্তমান, ৰাজধানীত কৰোনাৰ ৮,৩৪ টা সক্ৰিয় ঘটনা আছে। ইয়াৰ ভিতৰত ৫১ জন লোক দিল্লীৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে।