নতুন দিল্লী, ১৩ আগষ্ট। দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন বিজেপিৰ। আবকাৰী কেলেংকাৰীত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন সম্বিত পাত্ৰৰ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
তেওঁ কয় যে ছিচডিয়াই জানে যে সতৈন্দ্ৰ জৈনৰ যি অৱস্থা হৈছে এতিয়া তেওঁৰো একেই দশা হব।নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কয় যে সমগ্ৰ আবকাৰী কেলেংকাৰীত মনীষ চিছোদিয়া জড়িত আছিল। অৰবিন্দ কেজৰিৱালৰ নিৰ্দেশত মনীষ চিছোদিয়াই ৰেৱৰিৰ দৰে সুৰা মাফিয়াক চুক্তি বিতৰণ কৰিছিল।
পাত্ৰই লগতে কয় যে অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছোদিয়াই তেওঁলোকৰ সুৰা মাফিয়া বন্ধুসকলক ১৪৪ কোটি টকা ৰেহাই দিছিল। অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছোদিয়াই ভালদৰে জানে যে সতৈন্দ্ৰ জৈনৰ সৈতে যি পৰিস্থিতি ঘটিছে সেয়া মনীষ চিছোদিয়াৰ ক্ষেত্ৰতো ঘটিব।
ইফালে অৰবিন্দ কেজৰিৱালকো কটাক্ষ কৰি কয় যে কেজৰিৱালে এক ভাষণত দাবী কৰিছিল যে তেওঁ ১০ লাখ লোকক চাকৰি দিছিল। এক আৰ.টি.আইৰ তথ্য অনুসৰি মাত্ৰ ৩,২৪৬ জন লোকক চাকৰি দিয়া হৈছে। আন এক আৰটিআইয়ে প্ৰকাশ কৰিছিল যে তেওঁলোকে মাত্ৰ ৮৪৯ জন লোকক চাকৰি দিছিল। পাত্ৰই কয় যে চিএজিৰ প্ৰতিবেদন অনুসৰি, ২০১৯-২০ বৰ্ষলৈকে চাৰি বছৰৰ সময়ছোৱাত দিল্লীৰ ঋণ ৭ শতাংশ বৃদ্ধি পাইছে।