দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নাগপুৰৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়তো আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। 

আৰ এছ এছ প্ৰধান মোহন ভাগৱতকে ধৰি সংঘৰ বহুকৰ্মী আৰু কাৰ্য্যালয়ৰ কৰ্মকৰ্তাই 'হৰ ঘৰ তিৰঙ্গা' অভিযানত যোগদান কৰে।

উল্লেখ্য যে, কংগ্ৰেছৰ লগতে দেশৰ বিভিন্ন ৰাজনৈতিক দলে আৰ এছ এছে কিয় তেওঁলোকৰ দলীয় কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা নাই তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছিল।