অহা ২১জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হব।

     আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে modicare direct selling আৰু samrigha yoga center ৰহাৰ উদ্যোগত মধ্য অসম ভিত্তিত onlineযোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

          Samrigdha yoga centerৰহাৰ যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতিয়ে জানিব দিয়ে যে আমি যোগ প্ৰনায়াম কৰি আজিৰ ব্যস্ততা পুৰ্ন জীৱনত শৰীৰ সুস্থ কৰি ৰাখিব পাৰোঁ সেইয়ে নব প্ৰজন্মৰ যুবক যুৱতী ক যোগ ৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্যেশ্য যোগ প্ৰতিযোগিতা ৰ আয়োজন কৰা হৈছে।

         ক আৰু খ দুটা শাখাত অনুষ্ঠিত হব লগা প্ৰতিযোগিতাত ক শাখাত ৫ৰপৰা ১৭ আৰু খ শাখাত ১৮বছৰৰ ওপৰৰ সকলোবে অংশ গ্ৰহণ কৰিব পাৰিব আৰু ২১জুনৰ ভিতৰত ৮৪৭১৯৬০৩১৯মোবাইল নম্বৰত আসন সমূহ পঠাবলৈ উদ্যোগতা সকলে অনুৰোধ জনাইছে।

     প্ৰতিযোগিতা ত অংশ গ্ৰহণ কৰা প্ৰতিযোগী সকলৰ ভিতৰত ১ম,২য় আৰু ৩য় স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক এখন এখন মানপত্ৰ আৰু উপহাৰৰ টুপুলা প্ৰদান কৰাৰ লগতে ৪ৰ্থ আৰু ১০ম স্থান প্ৰাপ্ত সকলক এখন এখন মানপত্ৰ প্ৰদান কৰি পুৰস্কৃত কৰা হব।

    প্ৰতিযোগীতা আয়োজক সমিতিৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত হব আৰু ৩জুলাই ত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হব।