বিভিন্ন সমস্যাৰে জৰ্জৰিত ঢকুৱাখনা সমষ্টিৰ এখন পিছপৰা গাঁও।সমস্যাৰ বাবে ক্ষোভত ওলায় আহিল ৰাইজ।

সমস্যাৰে ভাৰাক্ৰান্ত এখন গা‍ঁও। যিখন গাঁৱত সমস্যাৰ অন্তঃ নাই।আজি আপোনালোকক দেখাম বিকাশ আৰু উন্নয়নৰ শ্লোগান মেলে মিটিঙে মৰা বিজেপি চৰকাৰে তথা ঢকুৱাখনা বিধান সভা সমষ্টিৰ এখন গাঁৱৰ কথা।উন্নয়নক ধোঁৱা চাংত তোলা এইখন গাঁও হৈছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ মৰনৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগপুৰ গাঁও। যিখন গাঁৱত বিশুদ্ধ খোৱা পানীৰ সমস্যা, অনিয়মীয়া বৈদ্যুতিক সেৱাৰ লগতে দুখনকৈ বাঁহৰ দলঙে জ্বলা কলা খোৱাইছে ৪ শতাধিক ৰাইজক।

    প্ৰথমতে চাওক এই দৃশ্য। বিশুদ্ধ খোৱা পানীৰ যোগানৰ নামত গাঁৱৰ ৰাইজে পাইছে কি ? এবছৰ ধৰি অনিয়মীয়াভাৱে লাভ কৰিছে আইৰণযুক্ত লেতেৰা পানী। ব্যৱহাৰ অনুপযোগী দৈনন্দিন ৰঙা পানী লাভ কৰি ৰাইজে খোৱা, বোৱা বা কাপোৰ ধোৱাৰ বাদেই একো কামতেই ব্যৱহাৰ কৰিব নোৱাৰে।।চৰকাৰী আঁচনি প্ৰসনত পৰিণত এই জল জীৱন আঁচনিত এটা বৈদ্যুতিক ট্ৰেন্সফমাৰ নথকাৰ বাবে ৰাতি হ'লেই পোহৰ সমস্যা ফেনৰ সমস্যাই দেখা দিয়ে।চলাব নোৱাৰে ঘৰত ব্যৱহৃত মটৰ।বিভাগীয় লোকক খবৰ দিয়ে যদিও কানসাৰ নাই।

 দ্বিতীয় দৃশ্য মন কৰক। গাঁওখনত বৈদ্যুতিক সেৱা লাভ কৰিছে কিন্তু গলেই আৰু ৩/৪ দিনলৈ দেখা দেখি নাই। ইয়াত কেতিয়াও উপস্থিত নহয় বিদ্যুৎ কৰ্মচাৰী।গাঁৱৰ ৰাইজে হাবি জংঘল কাটি তাঁৰবোৰ বিপদজনকভাৱে চাফা কৰে। পিছে বিদ্যুতৰ বিল ৫০০ ওপৰত হলেই বিদ্যুতৰ তাঁৰ কাটি নিয়ে।

মন কৰক এই দৃশ্য। গাঁওখনৰ ৰাইজে ইপাৰ সিপাৰ হ’বলৈ পাৰ হ'ব লাগে দুখনকৈ জৰাজীৰ্ণ বাঁহৰ দলং। ৰাইজে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰি কষ্টৰে বাঁহৰ দলং নিৰ্মাণ কৰে।এনেদৰে সাঁকো অথবা দলঙেৰে বিপদজনকভাৱে পাৰাপাৰ হয় ছাত্র ছাত্ৰী‌।বাৰিষা হলে বিপদৰ আশংকাত ছাত্র ছাত্ৰীৰ খটি হয় স্কুল।নিৰ্বাচনৰ আগতে জনপ্ৰতিনিধিয়ে এই ঠাইত এটা কালভাৰ্ট দিয়া কথা আছিল যদিও সকলো ফুটোকাৰ ফেনত পৰিণত হ'ল।

যাৰ বাবে সৰ্বসাধাৰণ ৰাইজে ক্ষোভ প্ৰকাশ সকলো সমস্যা সমাধান কৰি ৰাইজৰ কল্যাণ সাধন কৰিবলৈ দাবী জনাইছে।