মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদোগত অভয়পুৰস্থিত মৰাণ স্পৰ্টচ কমপ্লেক্সত ১৩ সংখ্যক জিয়াউৰ ৰহমান সোঁৱৰণী মৰাণ আন্তঃস্কুল ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত । ২৫ মেৰ পৰা অনুষ্ঠিত এই প্ৰতিযোগিতাখনি  আজি সামৰনি পৰে । প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনি আজি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় । তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দলে 2 - 1 গলত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলক পৰাস্ত।কৰি প্ৰতিযোগিতাৰ চেম্পিয়ন বটা অৰ্জন কৰে। । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি চূড়ান্ত খেলখনৰ কাৰ্যসূচীত উপস্থিত থাকে । খেলৰ অন্তত মৰাণ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক দিগন্ত গগৈৰ সঞ্চালনাত পুৰস্কাৰ বিতৰণ অনুষ্ঠিনত মন্ত্ৰী বিমল বৰা, সমাজ কৰ্মী প্ৰহূাদ টোডী, আছুৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক অনুপজ্যোতি ভূঞা, সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ বুধীন সোনোৱাল, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ৰঞ্জিত চাংমাই টাইপাৰ নিপন ফুকন, আটাছুৰ নেতা আৰু জিয়াউৰ ৰহমানৰ পৰিয়ালৰ সদস্যই পুৰস্কাৰ সমুহ বিতৰণ কৰে।