১৩ আগষ্ট, চিলাপথাৰ ঃ চিমেন চাপৰি ক্ৰীড়া সন্থাৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা কালি চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয়। প্ৰবীণ ফুটবল খেলুৱৈ সোণেশ্বৰ বসূমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই আহ্বায়ক দ্বীপেন বৰুৱাই। ধেমাজি জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি মলেন্দ্ৰ নাৰ্জাৰী পৰ্য্যবেক্ষক হিচাপে উপস্থিত থকা সভাই চিমেন চাপৰিত ৰাজ্যিক ভিত্তিত ওঠৰ বছৰ অনুৰ্ধ ফুটবল টিৰ্ণামেন্ট অনুষ্ঠিত কৰা, চিমেন চাপৰি মিনি ষ্টেডিয়ামৰ আন্তঃগাঁথনি উন্নয়ন কৰা আদি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।উক্ত ৰাজহুৱা সভাত দিপাঙ্কৰ নাৰ্জাৰীক সভাপতি, যতীন ঠেঙালক উপ সভাপতি, দ্বীপেন বৰুৱাক সাধাৰণ সম্পাদক, দুদু সোনোৱাল, ৰূপজ্যোতি ৰাজকোঁৱৰক সহকাৰী সাধাৰণ সম্পাদক, ফুটবল বিভাগত বলী দৈমাৰী, ক্ৰিকেট বিভাগত ৰাজীৱ গগৈক সদস্য হিচাপে লৈ পশিছ জনীয়াকৈ এখন শক্তিশালী চিমেন চাপৰি ক্ৰীড়া সন্থাৰ কাৰ্য্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।সমিতিখনত মুখ্য পৃষ্ঠপোষক হিচাপে বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীক মুখ্য পৃষ্ঠপোষক,মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা,ধেমাজি জিলা পৰিষদৰ সদস্যা সোভাৰাণী বসুমতাৰীক পৃষ্ঠপোষক,মলেন্দ্ৰ নাৰ্জাৰী,সোণেশ্বৰ বসুমতাৰী, বিপুল গগৈ, দ্বীপেন গগৈ, ৰজনী মহন্ত, ৰাতিৰাম বসুমতাৰীক উপদেষ্টা হিচাপে মনোনীত কৰা হয়।