চিলাপথাৰ,১৩ আগষ্টঃ
দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ আৰু হৰ ঘৰ টিৰঙ্গা কাৰ্যসূচীৰ অংশ হিচাপে আজি ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত এটি সজাগতা সমদল উলিওৱা হয়। জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই পুৱা আবৰ্ত ভৱনৰ সন্মূখৰ পৰা এই সমদল আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে। জিলা প্ৰশাসনৰ উদ্যোগত এই উপলক্ষে আবেলি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই প্ৰতিযোগিতাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। তাৰ পিছতে জিলা উপায়ুক্তই শ্ৰেষ্ঠ বিবেচিত ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰে। কাইলৈ দেশ বিভাজনৰ বিভিষিকা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হ'ব। উল্লেখযোগ্য যে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়ৰ উপৰি সৰ্বসাধাৰণ ৰাইজেও আজিৰে নিজ নিজ প্ৰতিষ্ঠান আৰু বাসভৱনত পতাকা উত্তোলন কৰি হৰ ঘৰ টিৰঙ্গা অভিযানক সফল কৰি তোলা দেখা গৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা অতি দুখীয়া পৰিয়ালৰ মাজত পতাকা বিতৰণ কৰাৰ উপৰি যোৱা কিছুদিন ধৰি বাটৰ নাট আদিৰে ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে