বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত গোৱালপাৰা আৰক্ষীয়ে শনিবাৰে মছজিদৰ এজন ‘ইমাম’কে ধৰি দুজন লোকক আটক কৰে।
কিন্তু এই সন্দৰ্ভত এতিয়াও জিলা আৰক্ষীয়ে একো মন্তব্যশ কৰা নাই।
আটক কৰা লোক কেইজন হৈছে ডাকাইদালৰ আব্দুছ ছোবাহন আৰু মাটিয়া অঞ্চলৰ জালাল উদ্দিন।
জানিব পৰা মতে আব্দুছ ছোবাহান টিংকোনিয়াপাৰা মছজিদৰ ‘ইমাম’ আৰু টিনংকোনিয়াপাৰা মাদ্ৰাছাৰ শিক্ষক।
শনিবাৰে পুৱা আৰক্ষীয়ে জালাল উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুকুৰবাৰে নিশা মছজিদত নামাজ পঢ়াৰ পিছত আব্দুছ ছোবাহানক গ্ৰেপ্তাৰ কৰে।
বৰ্তমান দুয়োজনকে গোৱালপাৰা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
 
  
  
  
   
  