২০জুন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস।সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা চাপৰমুখতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাভা দিৱস উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহাৰ অন্যতম শাস্ত্ৰীয়, লঘু আৰু অসমীয়া সুগম সংগীতৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান সৃজনী স্বৰ সাধানালয়ৰ সৌজন্যত ৰাভা দিৱস উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
সৃজনী স্বৰ সাধনালয়ৰ অধ্যক্ষ পংকজ কুমাৰ পাৰৈই জানিব দিয়ে যে অহা ২০জুন ৰাভা দিৱস উপলক্ষে ক আৰু খ দুটা শাখাত ৰাভা সংগীত প্ৰতিযোগিতা আয়োজন কৰা হব।
প্ৰথম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেনীৰ ছাত্ৰ ছাত্ৰী ক খাখাত আৰু খ শাখাত অষ্টম শ্ৰেনীৰ পৰা দ্বাদশ শ্ৰেনীৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।
ক শাখাৰ প্ৰথম পুৰস্কাৰ নগদ ৪০০০টকা,বঁটা আৰু মানপত্ৰ,দ্বিতীয় পুৰস্কাৰ নগদ ৩০০০টকা,বঁটা আৰু মানপত্ৰ আৰু ৩য় পুৰস্কাৰ নগদ ২০০০টকা,বঁটা আৰু মানপত্ৰ আৰু উদগনি বঁটা হিচাপে থাকিব নগদ ৫০০টকা আৰু মানপত্ৰ।
খ শাখাৰ প্ৰথম পুৰস্কাৰ নগদ ৫০০০টকা,বঁটা আৰু মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ নগদ ৪০০০টকা,বঁটা আৰু মানপত্ৰ আৰু ৩য় পুৰস্কাৰ নগদ ৩০০০টকা,বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হব।
সৃজনী স্বৰ সাধনালয়ৰ দ্বিতীয় বাৰ্ষিক ৰাভা দিৱসৰ সংগতী ৰাখি বিয়লী বঁটা বিতৰনী অনুষ্ঠানত এখন স্মৰনীকা উন্মোচন কৰা হব।
লগতে বিষ্ণু ৰাভা দিৱস ত অংশ কৰিবলৈ ইচ্ছুক প্ৰতিযোগী সকলক ৯৭০৭৪৪৪৭৬০ আৰু ৮৬৩৮০৩১০২৭নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰু অধ্যক্ষই সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা ৰ কামনা কৰিছে।