চাপৰমুখ ৰ বিশিষ্ট ব্যবসায়ী তথা উদিয়মান যুৱক যাদব বৰাই প্ৰতিষ্ঠা কৰা fitzone Gym নামৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে উদ্বোধন কৰি কৈ যে আজিৰ ব্যস্ততা পূৰ্ন জীবনত নিজৰ স্বাস্থ্য সুস্থ সবল কৰি ৰাখিবলৈ যোগাসনৰ লগতে gym ৰ বহু প্ৰয়োজন।

   উদ্বোধনী অনুষ্ঠানত চাপৰমুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জনাৰ্দন শইকীয়া, বিজেপি কমাৰগাঁও মণ্ডলৰ সভাপতি ভাস্কৰ জ্যোতি পাটৰ,বিজেপি চাপৰমুখ গৰুবাট মণ্ডল ৰ সম্পাদক মনোজ কুমাৰ বৰা,বিজেপি নগাঁও জিলাৰ কাৰ্য্যনিৰ্বাহক সদস্য সাধন মণ্ডল, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা সহ বহু গনমান্য ব্যক্তি উপস্থিত থাকে।