আজি বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচীৰ অংশ হিচাপে বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত কেইবাজনো জ্যেষ্ঠ ব্যক্তি,স্বাধীনতা সংগ্ৰামত জড়িত লোক তথা কেইবাজনো অৱসৰ প্ৰাপ্ত শিক্ষা গুৰুৰ ঘৰে ঘৰে গৈ তেখেত সকলৰ লগত ভাৱ বিনিময় কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ বিচৰাৰ লগতে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই তেওঁলোকক একোখনকৈ গামোচা আৰু জাতীয় পতাকাৰ প্ৰতীকৰ সৈতে সম্বৰ্ধনা জ্ঞাপন কৰে।

সম্বৰ্ধিত ব্যক্তি সকলৰ ভিতৰত তিলক চন্দ্ৰ শৰ্মা, নগেন বৰুৱা, শংকৰ প্ৰসাদ গুপ্ত, মেহেঙা চটনামী, তৃণয়ন বৰা, ডম্বৰু ছেত্ৰী, নিৰদাকান্ত বৰুৱা, অৱনী কুমাৰ দাস, সুৰজিত দাস, ৰাজেশ বুলন অন্যতম এওঁ লোকক সম্বৰ্ধনা জনোৱা হয়