ভাৰতবৰ্ষৰ ৭৬ তম স্বাধীনতা দিৱস উপলক্ষে অাজি শনিবাৰে অৰিয়েন্ট ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত স্কুলৰ ছাত্ৰ ছাত্ৰী অধ্যাপক আদি মিলি বৰ্তমান যি ভাৰত চৰকাৰে প্লাচটিক বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছ সেই নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখী ৰাইজৰ মাজত প্লাছটিক ব্যৱহাৰ নকৰিবৰ বাবে সজাগতা সৃষ্টিৰে বিশ্বনাথ নগৰৰ বিভিন্ন ঠাইত এক বাটৰ নাট আয়োজন কৰে।
বিশ্বনাথ নগৰৰ ডেলি বজাৰ, হাটখোলা, বিশ্বনাথ মহাবিদ্যাল অাদি ঠাইত অৰিয়েন্ট ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অতি সুন্দৰ প্ৰশেষ্টাৰে প্লাছটিক বৰ্জন উপৰত বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ সজাগ কৰে। এই কাৰ্যসূচী জৰিয়তে স্কুলৰ অধ্যাপিকা গৰাকীয়ে কয় প্লাছটিক বৰ্জন ক্ষেত্ৰত নিজকে সজাগ কৰি অানকো সজাগ কৰিবলৈ ৰাইজক আহ্বান কৰে