শিৱসাগৰঃ অসমৰ সৰ্ববৃহৎ নাট্য সংগঠন অসম নাট্য সন্মিলন, অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ এখন বিশেষ কাৰ্য্যনিৰ্বাহক সভা ৮ জুন, শনিবাৰে, দিনৰ ২ বজাৰ পৰা শিৱসাগৰ পৌৰসভা কাৰ্য্যালয়ৰ সভাগৃহত অনুষ্ঠিত হৈ যায় । অবিভক্ত শিৱসাগৰ জিলা অসম নাট্য সন্মিলনৰ সভাপতি সঞ্জীৱ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰশান্তজিৎ চেতিয়াই ৷ উক্ত সভাতেই অসম নাট্য সন্মিলন, অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ আগন্তুক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আৰু সৌমাৰপীঠ মণ্ডলৰ মধ্যকালিন অধিৱেশন তথা মাণ্ডলিক নাট প্ৰতিযোগিতাৰ লগতে কেন্দ্ৰীয় নাট্য আলোচনা আয়োজনৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয় ৷ উল্লেখযোগ্য যে, হাঁহচৰা শাখাৰ সভাপতি নিলোৎপল গোহাঁইয়ে এখনি তামোল-পাণৰ শৰাইৰ জৰিয়তে সভাত আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই আটাইকেইটা অনুষ্ঠান জিলা সমিতিৰ অন্তৰ্গত হাঁহচৰা শাখাৰ আতিথ্যত হাঁহচৰাত অনুষ্ঠিত কৰাৰ সভাই আনুষ্ঠানিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে শাখাৰ বিষয়ববীয়াসকলে অনুৰোধ জনোৱা অনুসৰি অনুষ্ঠানসমূহৰ লগত সংগতি ৰাখি হাঁহচৰা শাখাক শিশু নাট সমাৰোহো আয়োজন কৰাৰ কাৰ্য্যনিৰ্বাহক সভাই অনুমতি প্ৰদান কৰে ৷ আনফালে দিৰৈ ৰাঙলী শাখাৰ তৰফৰ পৰা আন এখন শৰাইৰ জৰিয়তে সভাপতি প্ৰদীপ দত্তই আগন্তুক কলাগুৰু বিষ্ণু ৰাভা দিৱস/এটি গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা আৰু গৌৰীসাগৰ শাখাৰ তৰফৰ পৰা সভাপতি মাধূৰ্য্য দত্তই গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা আয়োজনৰ বাবে নিবেদন জনোৱাত সভাই তেওঁলোক দুয়োটা শাখাৰ সিদ্ধান্তক উষ্ম আদৰণি জনায় ৷ এইখিনিতে উল্লেখ যে, বৰ্তমানৰ অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ সম্পাদক প্ৰশান্তজিৎ চেতিয়াই সৌমাৰপীঠ মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি হিচাপে দায়িত্ব লোৱাত সৰ্বসন্মতিক্ৰমে হাঁহচৰা শাখাৰ সভাপতি নিলোৎপল গোহাঁইক অসম নাট্য সন্মিলন, শিৱসাগৰ জিলাৰ আগন্তুক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, সৌমাৰপীঠৰ মধ্যকালিন অধিৱেশন, মাণ্ডলিক নাট প্ৰতিযোগিতা আৰু কেন্দ্ৰীয় নাট্য আলোচনাচক্ৰ আদি অনুষ্ঠানসমূহ সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ অৰ্থে সভাই অবিভক্ত শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে । কেন্দ্ৰীয় সদস্যা লক্ষীমণি বৰা, সৌমাৰপীঠ মণ্ডলৰ নৱ-নিৰ্ৱাচিত সাংগঠনিক সম্পাদক প্ৰতীম গগৈ, প্ৰচাৰ সম্পাদিকা অংকুৰীমা বৰুৱা, অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি অনঙ্গ মোহন শৰ্মা, সহকাৰী সম্পাদক অমৃত কুমাৰ শৰ্মা, অনামিকা কলিতা, দেৱব্ৰত বৰঠাকুৰ সহ জিলা সমিতিৰ অন্তৰ্গত শিৱসাগৰ শাখা, সোণাৰি শাখা, ৰংঘৰ শাখা, দিৰৈ ৰাঙলী শাখা, গৌৰীসাগৰ শাখা, হাঁহচৰা শাখা আদিৰ প্ৰতিনিধিসকল উপস্থিত থাকি জিলা সমিতিৰ আগন্তুক কাৰ্য্যসূচীসমূহ সফলভাৱে ৰূপায়ণৰ দিশত পৰামৰ্শ আগবঢ়ায় ৷