শুকুৰবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত পাটসাঁকোত অৱস্থিত কেন্দ্ৰীয় টাই একাডেমী পৰিদৰ্শন কৰি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰতিষ্ঠান খনৰ শৈক্ষিক দিশ আৰু বিভিন্ন অভাৱ অভিযোগৰ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ বিষয় ববীয়া সকলৰ সৈতে মত বিনিময় কৰে। এই পৰিদৰ্শন কালত শিক্ষামন্ত্ৰীৰ লগতে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন , টাই একাডেমী খনৰ পৰিচিলক মণ্ডলী আৰু স্থানীয় বহুসংখ্যক।ৰাইজ উপস্থিত থাকে।