অনুসূচিত জাতিৰ বজাৰ আৰু বিলসমূহত হস্তক্ষেপ নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থায়ে ৷ অনুসূচিত জাতিৰ অধ্যুষিত এলেকাসমূহত থকা বজাৰ আৰু বিলসমূহ ষড়যন্ত্ৰমূলকভাৱে কাঢ়ি নিবলৈ চেষ্টা কৰা হৈছে । এনেদৰে অনুসূচিত জাতিটোক অৰ্থনৈতিকভাৱে নিশেষ কৰাৰ পৰিকল্পনা কৰাতো পৰিলক্ষিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দাসে উল্লেখ কৰে যে, অনুসূচিত জাতিৰ অধ্যুষিত এলেকাসমূহত থকা বজাৰ আৰু বিলসমূহত কেৱল অনুসূচিত জাতিৰ লোকসকলৰহে অধিকাৰ থকা উচিত । কিন্তু যুগ যুগ ধৰি ভোগ দখল কৰি অহা অনুসূচিত জাতিৰ বজাৰ আৰু বিলসমূহ অতি অন্যায়ভাৱে "মিচিং স্বায়ত্ত্ব পৰিষদে" হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰাতো পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ গত ইং ০৫/০১/২০২৪ তাৰিখে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা মিচিং স্বায়ত্ত্ব পৰিষদক অসমৰ বিভিন্ন বজাৰসমূহ অধিগ্ৰহণ কৰাত অপত্তিবিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ পিছত, উক্ত বজাৰসমূহৰ ভিতৰত বহুকেইখন অনুসূচিত জাতিৰ অধ্যুষিত এলেকাৰ বজাৰ তালিকাভুক্ত হৈ থকাত স্বাভাৱিকতে ক্ষুন্ন হৈ পৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ৷ সন্থাই লগতে কয় যে, মিচিং স্বায়ত্ত্ব পৰিষদে বজাৰ আৰু বিল অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত সন্থাৰ কোনো আপত্তি নাই । কিন্তু অনুসূচিত জাতিৰ অধ্যুষিত এলেকাত থকা বজাৰ তথা বিলসমূহ অধিগ্ৰহণ কৰাত সন্থাৰ আপত্তি আছে আৰু থাকিব । ইয়াৰ সমান্তৰালকৈ সন্থাৰ সম্পাদকগৰাকীয়ে প্ৰেছ বিজ্ঞপ্তিটোত জনাই যে পূৰ্বতেও অনুসূচিত জাতিৰ লোকে ভোগ দখল কৰা বহু বিল মিচিং স্বায়ত্ত্ব পৰিষদে অধিগ্ৰহণ কৰাৰ নজিৰ আছে । মিচিং স্বায়ত্ত্ব পৰিষদক এই ক্ষেত্ৰত অসম চৰকাৰে বিশেষভাৱে সহযোগিতা কৰাৰ অভিযোগ উত্থাপন কৰি এনেদৰে অনুসূচিত জাতিৰ লোকসকলক অৰ্থনৈতিকভাৱে আৰু বাণিজ্যিকভাৱে নিশেষ নকৰিবলৈ চৰকাৰক আহ্বান জনাই সন্থায়ে । অসমত থকা প্ৰতিটো জাতি-জনগোষ্ঠীৰে জীয়াই থকাৰ অধিকাৰ আছে, অৰ্থনৈতিক অধিকাৰ আছে । সকলো জাতি-জনগোষ্ঠীক চৰকাৰে সমদৃষ্টি পোষণ কৰিব লাগে বুলি মত পোষণ কৰি দাসে কয় যে, কাৰোবাক ৰাজনৈতিক স্বাৰ্থত সন্তুষ্ট কৰিবলৈ যাওঁতে আন কাৰোবাৰ অধিকাৰ খৰ্ব যাতে নহয় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰখা উচিত । অন্যথা অদূৰ ভৱিষ্যতে অসমত ভাতৃ সংঘৰ্ষ হোৱাৰো আশংকা কৰিছে সন্থায়ে । অনুসূচিত জাতিৰ বজাৰ আৰু বিলসমূহত হস্তক্ষেপ নকৰিবলৈ সকলো পক্ষকে সকীয়নি প্ৰদান কৰি সন্থাই কয় যে শান্তিপ্ৰিয় তথা সহজ সৰল মানুহখিনিৰ জীৱিকাত বাধা আৰোপ কৰি অশান্ত হ'বলৈ বাধ্য নকৰিব । অন্যথা সমগ্ৰ অসমতে অনুসূচিত জাতি ছাত্ৰ সন্থাই ব্যাপক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব ৷৷