সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।

              বৰ্ষ ২০২১ ত ৰহা বজাৰ স্থিত সাৰ্বজনীন দূৰ্গা মন্দিৰ ৰ ওচৰত স্থাপিত সাংস্কৃতিক অনুষ্ঠান সুবাস ৰ দ্বাৰা যোৱা তিনি বছৰে বিভিন্ন সাংস্কৃতিক,সামাজিক কাৰ্য্যসূচী কৰি অহাৰ সমান্তৰালকৈ আজি সুবাসৰ উদ্যোগত ৰহা নগৰ সমিতিৰ সহযোগত তথা সুবাসৰ সক্ৰিয় সদস্য কৌস্তভ জ্যোতি ডেকাৰ সোঁৱৰণত "সেউজীয়াই আকৌ উছাহৰ ঢৌ তুলিব" শীৰ্ষক বিশ্ব পৰিবেশ দিৱস ৰ কাৰ্য্যসূচী হাতত লৈ ৰহা মহাবিদ্যালয়, ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ, ৰহা শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰ,প্ৰাঞ্জল মেমোৰিয়ল একাডেমী,ৰহা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়, ৰহা আৰক্ষী নিবেশ সহ বিভিন্ন প্ৰান্তত কৃষ্ণ চুডা,ৰাধা চুডা,বকুল, নীম গছ সহ ফল ফুলৰ গছপুলি ৰোপন কৰাৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সু খ্যাতিৰে উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা সুবাসৰ ১৩গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক এখন এখন গছপুলি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি অভিনন্দন জনাই।

         সুবাস ৰহাৰ প্ৰতিষ্ঠাপক নিৰোপম কলিতাই জানিব দিয়ে যে সুবাস সদায় প্ৰকৃতি ৰক্ষা ৰ হকে কাম কৰি অহাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচী ৰুপায়ন কৰি আহিছে আৰু বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক ড° অসীম কুমাৰ দাসে সুবাসক সহায় সহযোগিতা আগবঢ়াই আহিছে।

       বিশ্ব পৰিবেশ দিৱস উপলক্ষে সুবাসৰ প্ৰতিষ্ঠাপক নিৰোপম কলিতা,সক্ৰিয় সদস্য পৰশমনি দাস,পৰশ দাস সহ সদস্য সকল উপস্থিত থাকে।