চাৰিওফালে কেৱল ত্ৰিৰংগা আৰু ত্ৰিৰংগা এইবাৰ বিধায়ক নৱ কুমাৰ দলেই ত্ৰিৰংগা সমদলত অংশ ললে ঢকুৱাখনাৰ খেৰকতা পঞ্চায়তৰ বকুলগুৰিত ।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ,ঢকুৱাখনা উন্নন খণ্ডৰ তিনি খন পঞ্চায়তৰ মহিলা গ্ৰাম্য সংগঠনৰ উদ্যোগত শুকুৰবাৰে অনুষ্ঠিত কৰিলে এই সমদল।
খেৰকতা ,মাতমৰা আৰু দিমগুৰি পঞ্চায়তৰ প্ৰায় ডেৰ সহস্ৰাধিক মহিলাই অংশ লোৱা এই সমদল ৰ আৰম্ভণিতে খেৰকতা পঞ্চায়তৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।
ঢকুৱাখনা মহকুমাধীপতি ,খণ্ড উন্নয়ন বিষয়া আৰু জীৱিকা মিছনৰ 'মিছন সমন্বয়ক ,'সকলৰ উপস্থিত অনুষ্ঠিত হয় এই সমদল বিধায়ক নৱ কুমাৰ দলে নেতৃত্ব বকুলগুৰি চাৰীয়ালি হৈ প্ৰায় ছয় কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি সামৰণি মাৰে।