মৰাণত ধন দাবীত নামিল দুই RPF (Railway Protection Force) বিষয়া- জোৱান । RPF ৰ Maligaon Internal vigilance group ৰ তদন্ত অব্যাহত । ইতিমধ্যে, শাস্তিমূলক বদলি কৰা হৈছে RPF ASI ৰানা হাজৰিকা আৰু RPF কনিষ্টবল বৈকুন্ঠ দাসক ।

যোৱা ১৬ মেত মৰাণহাট ৰেলৱে ষ্টেচনত কাষত থকা ২ নং সৰুপথাৰ গাঁৱৰ এটা পথত স্থানীয় ৰাইজে নিজাববীয়াকৈ শিল পেলোৱাৰ ব্যৱস্থা কৰে । তেনে সময়তে মৰাণহাট ৰেলৱে ষ্টেচনত কৰ্মৰত RPF ASI ৰানা হাজৰিকা আৰু RPF কনিষ্টবল বৈকুন্ঠ দাসে শিল ভৰ্তি TATA ACE বাহনখন জব্দ কৰাৰ লগতে কেইবাজনো লোকক আবদ্ধ কৰি ৰাখে । ইয়াৰ পিছতে চুৰি কেচত ফচোৱাৰ ভয় দেখুৱাই ধন দাবী কৰে । অৱশেষত ৩০ হাজাৰ টকা চুক্তিৰ বিনিময়তহে বাহনখন এৰি দিয়ে আৰু যুৱককেইজনকো যাবলৈ দিয়ে । লগে লগে ২০ হাজাৰ টকা দিয়ে আৰু পৰবৰ্তি সময়ত ১০ হাজাৰ টকা দিয়াৰ চুক্তি হয় । এই সমগ্ৰ ঘটনাটি মন্ত্ৰী যোগেন মহনৰ কানত পৰাত লগে লগে ফোনযোগেৰে RPF ৰ শীৰ্ষ বিষয়াক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতে স্থানীয় ৰাইজেও গুৱাহাটী মালিগাঁও স্থিত  RPF ৰ মূখ্য পৰিদৰ্শকক লিখিত অভিযোগ দাখিল কৰে । ইয়াৰ পিছতে ততাতৈয়াকৈ RPF ASI ৰানা হাজৰিকা আৰু RPF কনিষ্টবল বৈকুন্ঠ দাসক বদলি কৰি তদন্ত অব্যাহত ৰাখিছে । শেহতীয়াকৈ চৰাইদেউ জিলাৰ মৰাণহাট ৰেলৱে ষ্টেচনত Maligaon Internal vigilance group এ চলাইছে ঘটনা সন্দৰ্ভত তদন্ত । আনহাতে ৰেলৱেৰ পেলনীয়া শিল বিক্ৰি কৰাৰ অভিযোগো আছে দুই RPF বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে । ৰক্ষক ৰূপী ভক্ষক দুই RPF বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহন কৰে, সেইয়া নিশ্চয় লক্ষনীয় হব ।