এণ্ড ইউল কোম্পানীৰ চাহ শ্ৰমিকৰ সমস্যাক লৈ শুক্ৰবাৰে মৰাণত এক সংবাদমেল সম্বোধন কৰে চিপিআই (এমএল) আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই । এণ্ড্ৰু ইউলৰ অধিনস্থ চাহ বাগিচা সমূহত যোৱা ৬ মাহ ধৰি অনিয়মীয়া দৰমহা আৰু ৰেছনৰ বাবে শ্ৰমিক সকলে চৰম হাৰাশাস্তিত ভুগি আহিছে। আনকি মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীৰ উত্তীৰ্ণ এই বাগিচা সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি -কিতাপপত্ৰ তথা অন্যান্য যাৱতীয় বস্তু যোগাৰ কৰিব নোৱাৰাৰ পৰিবেশ সৃষ্টি হৈছে ।

ডিব্ৰুগড় জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত বাগিচা কতৃপক্ষৰ উপস্থিতিত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈ যোৱা প্ৰায় এমাহে হল কিন্তু সমস্যাৰ সমাধান নহল । ২০২২-২৩ বৰ্ষৰ বেলেন্সছিটৰ তথ্য মতে এণ্ড্ৰু ইউল কোম্পানীৰ সমগ্ৰ ভাৰতৰ ১৫ খন বাগিচাত ১৭ কোটি লাভ কৰিছে । কিন্তু, বৰ্তমান লোকচানৰ কথা বাৰে বাৰে দোহাই আছে এণ্ড্ৰু ইউল কোম্পানীয়ে ।

ভাৰত চৰকাৰৰ ৮৯  শতাংশ শ্বেয়াৰ থকা কোম্পানিটো কেনেকৈ এবছৰৰ ভিতৰত লোকচানত পৰিল প্ৰশ্ন চিপিআই (এমএল) আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ ।

খোৱাং, বামুণবাৰী, ৰাজগড়, টিংখং, লাক্ৰিবাম, দিল্লীবাৰী ডিচাম, কাঠলনী, বাছমতীয়াকে ধৰি অসমত এই কোম্পানীৰ সৰহসংখ্যক বাগিচা ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত আছে। কিন্তু টিংখাংৰ বিধায়ক বিমল বড়াই উদ্যোগ মন্ত্ৰীৰ দায়িত্বত থকাৰ পিছতো তেওঁৰেই সমষ্টিৰ শ্ৰমিক সকলে আজি ছমাহে হাহাকাৰ কৰিবলগীয়া হৈছে ।

শীঘ্ৰে সমস্যা সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি সদৰি কৰে চিপিআই (এমএল) আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই ।

সংবাদমেলত চিপিআই (এম এল) ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়াল, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ টিংখাং চাৰ্কোল সমিতিৰ সম্পাদক বিনোদ মূডা, কেন্দ্ৰীয় উপসভানেত্ৰী মীৰা তাঁতি, টিংখাং চাৰ্কোল সমিতিৰ সদস্য মায়া মুড়াকে ধৰি বহুকেইগৰাকী বিষয়-ববীয়া উপস্থিত থাকে