চিলাপথাৰ, ১৩ আগষ্টঃ চিলাপথাৰৰ নগৰাঞ্চলৰ ২ নং চিলাগাওঁ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন সেনা বিষয়া নাৰায়ণ সোনোৱালৰ (৬০) কালি আকস্মিকভাৱে মৃত্যু হয়। ঘটনাটোৱে ৰাইজক ব্যথিত কৰি তুলিছে। প্ৰাপ্ত খবৰ মতে কিছু দিনৰ পৰা কোনো গুৰুতৰ অসুখত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা নিশা প্ৰায় ৯:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। আজি বিয়লি লোকজনৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ মাত্ৰেই বহু লোকৰ সমাগম হয়। সন্ধিয়া অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত ৰাইজে শেষ কৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত লোকজনে পত্নী, দুই সামৰিক বাহিনীৰ জোৱান পূত্ৰ সহ বহু আপোন লোকক ইহলোকত এৰি থৈ গৈছে। উল্লেখ্য যে প্ৰয়াত চেনীৰাম সোনোৱালৰ পূত্ৰ নাৰায়ণে ২০০৬ চনত এচ এচ বি বিভাগৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছৰ পৰাই অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত তেওঁ জৰিত হৈ পৰে। চিলাপথাৰ আঞ্চলিক সোনোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰস্থিত বাইথ' মন্দিৰ পৰিচালনা সমিতি সভাপতি,নামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বহু বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আমৃত্যু পৰ্যন্ত সক্ৰিয় ভাৱে জৰিত হৈ আছিল পৰোপকাৰী, সৰবৰাহী আৰু ৰসিক লোক হিচাপে জনপ্ৰিয় লোকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাত্ৰ পৰিছে। সোনোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমেশ সোনোৱাল আৰু সম্পাদক পূৰ্ণকান্ত সোনোৱালে তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ মুক্তি কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Girish Chandra Murmu: CAG गिरीश चंद्र मुर्मू फिर चुने गए WHO के लेखापरीक्षक, 2027 तक होगा कार्यकाल
नई दिल्ली, भारत के नियंत्रक एवं महालेखापरीक्षक (सीएजी) गिरीश चंद्र मुर्मू फिर से चार वर्ष के...
વડદલા આર એફ હાઇસ્કૂલ ખાતે પાણીના બોરવેલ અને સ્માર્ટ ક્લાસ રૂમનું ઉદ્દઘાટન
પેટલાદ તાલુકાના સોજીત્રા વિધાનસભા મત વિસ્તારના વડદલા મુકામે કેળવણી મંડળ સંચાલિત આર.એફ.પટેલ...
ડીસાના જૂનાડીસામાં પૂર્વ ગૃહમંત્રી અને ધારાસભ્યે ભાજપના કાર્યકરોની મુલાકાત લીધી
લોકસભાની ચૂંટણી નજીક આવતાની સાથે બુથ લેવલની કામગીરીની સમીક્ષા કરવા રાજ્યના પૂર્વ ગૃહ મંત્રી રજની...
Israel Hamas War LIVE Updates: Lebanon से Hezbollah का घमासान | Gaza Attack | Hamas Latest News
Israel Hamas War LIVE Updates: Lebanon से Hezbollah का घमासान | Gaza Attack | Hamas Latest News