চিলাপথাৰ, ১৩ আগষ্টঃ চিলাপথাৰৰ নগৰাঞ্চলৰ ২ নং চিলাগাওঁ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন সেনা বিষয়া নাৰায়ণ সোনোৱালৰ (৬০) কালি আকস্মিকভাৱে মৃত্যু হয়। ঘটনাটোৱে ৰাইজক ব্যথিত কৰি তুলিছে। প্ৰাপ্ত খবৰ মতে কিছু দিনৰ পৰা কোনো গুৰুতৰ অসুখত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে যোৱা নিশা প্ৰায় ৯:৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। আজি বিয়লি লোকজনৰ নশ্বৰ দেহ ঘৰ আহি পোৱাৰ মাত্ৰেই বহু লোকৰ সমাগম হয়। সন্ধিয়া অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত ৰাইজে শেষ কৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত লোকজনে পত্নী, দুই সামৰিক বাহিনীৰ জোৱান পূত্ৰ সহ বহু আপোন লোকক ইহলোকত এৰি থৈ গৈছে। উল্লেখ্য যে প্ৰয়াত চেনীৰাম সোনোৱালৰ পূত্ৰ নাৰায়ণে ২০০৬ চনত এচ এচ বি বিভাগৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছৰ পৰাই অঞ্চলটোৰ বিভিন্ন সামাজিক কাম কাজত তেওঁ জৰিত হৈ পৰে। চিলাপথাৰ আঞ্চলিক সোনোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰস্থিত বাইথ' মন্দিৰ পৰিচালনা সমিতি সভাপতি,নামঘৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বহু বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আমৃত্যু পৰ্যন্ত সক্ৰিয় ভাৱে জৰিত হৈ আছিল পৰোপকাৰী, সৰবৰাহী আৰু ৰসিক লোক হিচাপে জনপ্ৰিয় লোকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাত্ৰ পৰিছে। সোনোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি ৰমেশ সোনোৱাল আৰু সম্পাদক পূৰ্ণকান্ত সোনোৱালে তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ মুক্তি কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ ইটাখুলি সংসহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ চাহ বাগিচা এলেকাত পুষ্টি ৰথ, মাতৃ ৰথ আৰু শক্তি ৰথৰ সজাগতা প্ৰচাৰ অভিযান
তিনিচুকীয়াৰ ইটাখুলি সংসহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ চাহ বাগিচা এলেকাত পুষ্টি ৰথ, মাতৃ ৰথ আৰু...
Sabarkantha News | સાબરકાંઠા: જિલ્લાનો જિલ્લાકક્ષાનો ગરીબ કલ્યાણ મેળો ઈડર APMC મા યોજાયો
Sabarkantha News| સાબરકાંઠા: જિલ્લાનો જિલ્લાકક્ષાનો ગરીબ કલ્યાણ મેળો ઈડર APMC મા યોજાયો| Dpnews
પવિત્ર યાત્રાધામ પાવાગઢમાં જૈન તીર્થંકરોની મૂર્તિ ખંડિત કરાતા જૈન સમાજ આકરા પાણીએ, અનેક જિલ્લા શહેરોમાં જૈન સમાજ આપશે આવેદનપત્ર !!
પંચમહાલ જિલ્લાના પ્રસિધ્ધ યાત્રાધામ પાવાગઢ પર્વત ઉપર શક્તિ પીઠ મહાકાળી માતાના મંદિર સુધી જતાં...
જિલ્લા ચૂંટણી અધિકારી ક્ષિપ્રા આગ્રે એ મતદાન મથકોની મુલાકાત લઈ જરૂરી સૂચનો આપ્યા
જિલ્લા ચૂંટણી અધિકારી ક્ષિપ્રા આગ્રેએ 179- વલસાડ, 180- પારડી અને 182- ઉમરગામ મત વિસ્તારના...
ৰাজ্য চৰকাৰে দিল্লীক সন্তুষ্ট কৰাৰ বাবে হিন্দীবলয়ৰ শিক্ষক নিযুক্তি দিব বিচাৰিছে
গোৰেশ্বৰত ডি ৱাই এফ আই -এচ এফ আইৰ যুটীয়া সংবাদমেল
ৰাজ্য চৰকাৰে দিল্লীক সন্তুষ্ট কৰাৰ বাবে...