শিক্ষকতাৰ বৃত্তিত কলংক চিচিবৰগাঁৱত মহিলাক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন শিক্ষক

ধেমাজিৰ চিচিবৰগাঁৱৰ সমীপৰ ভেবেলি গাঁৱৰ এজন শিক্ষকক বলাৎকাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে চিচিবৰগাঁৱৰ আৰক্ষীয়ে । জানিব পৰা অনুসৰি ভেবেলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানশিক্ষক ধৰ্মেশ্বৰ শইকীয়াই যোৱানিশা তেওঁৰ ঘৰৰ কাষৰে এগৰাকী মহিলাক আন্ধাৰৰ সুযোগ লৈ বলাৎকাৰ কৰে । মহিলাগৰাকীৰ বোৱাৰীয়েকে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত চুবুৰীয়া লোক আহি হাতেলোটে কৰায়ত্ব কৰে লম্পত প্ৰধান শিক্ষক ধৰ্মেশ্বৰ শইকীয়াক আৰু হাতে-ভৰিয়ে বান্ধি চিচিবৰগাঁও আৰক্ষীক খবৰ দিয়ে । চিচিবৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অসংযত অৱস্থাত দুয়োগৰাকীকে প্ৰত্যক্ষ কৰে আৰু লম্পত শিক্ষকগৰাকীককৰায়ত্ব কৰি থানালৈ আনে । আৰক্ষীয়ে আজি ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮ আৰু ৩৭৬ ধাৰাত চিলাপথাৰ থানাৰ ১৪৬/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি লম্পত শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।