
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী "আজাদী কা অমৃত মহোৎসৱ" সমগ্ৰ দেশতে উদযাপন হৈ থকাৰ সময়ত শিক্ষয়িত্ৰী ,লেখিকা, পৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়াই বনগাঁও চ'লা হাইস্কুলৰ লগতে কাষৰীয়া বিদ্যালয় সমূহৰ কণ কণ ছাত্ৰছাত্ৰী সকলক লৈ Digital মাধ্যমত" আগবঢ়াই দিছে এখন চুটি শিশু নাটক "অকণিৰ স্বাধীনতাৰ অমৃত মহোৎসৱ"৷ স্বাধীনতাৰ শুভবাৰ্তা, স্বাধীনতা সংগ্ৰামী সকলৰ ত্যাগ আৰু নৱপ্ৰজন্মৰ কৰ্তব্য এই তিনিটা দিশত গুৰুত্ব আৰোপ কৰি অভিনয় হোৱা শিশু নাটকখনিৰ ৰছনা আৰু পৰিচালনা গিৰিমল্লিকা শইকীয়াৰ৷নাটকখনত স্বাধীনতা দিৱসৰ প্ৰতি সজাগতা অনাৰ লগতে বনৰীয়া জীৱ-জন্তুৰ চৰাই চিৰিকটি আদি সকলোৱে যে স্বাধীন হৈ থাকি ভাল পায় তেনে এক প্ৰকৃতি প্ৰেমৰ বাৰ্তাও দিব বিচাৰিছে কণ কণ শিশু সকলে। বনগাওঁ চ'লা হাইস্কুল আৰু মধ্য গাড়ীগাওঁ প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এনেদৰে অভিনয়ৰ মাধ্যমেৰে বাৰ্তা দিবলৈ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধান শিক্ষক দিলীপ ফুকন আৰু সহকাৰী প্ৰধান শিক্ষক অমূল্য তামুলীয়ে তেওঁলোকক শুভেচ্ছা জনাইছে।এই শিশু নাটকখনে স্বাধীনতাৰ অমৃত মহোৎসৱ অভিনৱ ভাৱে উদযাপন কৰি ব্যতিক্ৰমী চিন্তাৰ পৰিচয় দিয়াৰ লগতে সমাজলৈও শুভবাৰ্তা প্ৰেৰণ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના કોંગ્રેસના પૂર્વ ધારાસભ્ય ભાજપમાં જોડાવાને લઈ તેજ અટકળો..
ડીસાના કોંગ્રેસના પૂર્વ ધારાસભ્ય ભાજપમાં જોડાવાને લઈ તેજ અટકળો..
ৰঙিয়াত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অমৃত সৰোৱৰ প্ৰকল্প ৰূপায়ণ ভবেশ কলিতাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে আৰু আজাদি কা অমৃত মহোৎসৱৰ অংশস্বৰূপে আজি...
Farmer Protest 2024: Rakesh Tikait की चेतावनी, किसानों को दिल्ली जाने से रोका तो होगा ये अंजाम
Farmer Protest 2024: Rakesh Tikait की चेतावनी, किसानों को दिल्ली जाने से रोका तो होगा ये अंजाम
CCTV Footage of Samshan Kali Mandir Theft case Kharupetia
CCTV Footage of Samshan Kali Mandir Theft case Kharupetia
आज फिर 85 विमानों में बम की धमकी:एअर इंडिया-विस्तारा, इंडिगो की 20-20 और अकासा की 25 फ्लाइट
देश में विमानों में बम की धमकी का सिलसिला रुकने का नाम नहीं ले रहा है। गुरुवार को भी इंडिगो, एयर...