মৰাণ কচুমাৰিত তিনিমহীয়া কেঁচুৱাক পিতৃ -মাতৃয়ে হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত কচুমাৰি-ঘিলাগুৰি গাঁৱৰ নিবাসী বুধন গড় আৰু সোণমণি গড়ে কাজিয়া লাগে খঙত অগ্নিশৰ্মা হৈ নিজৰ তিনিমহীয়া পুত্ৰ সন্তানক গছকি হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আজি সন্ধিয়া নিজা গৃহত কণমানিটোক হত্যা কৰাৰ খবৰ কচুমাৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনীৰ বিষয় -ববীয়া ঘটনাস্থলীত উপস্থিত হৈ মৰাণহাট আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পাষাণ পিতৃ -মাতৃক আটক কৰে।
মৰাণহাট আৰক্ষীয়ে ধাৰা ৩০৪ ৰ অধীনত গোচৰ নং ২১/২০২৪ ৰুজো কৰি পাষাণ পিতৃক গ্ৰেপ্তাৰ কৰিছে আৰু দেৱ শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰী ক্ষাৰ বাবে প্ৰেৰণ কৰিছে।