ৰহা হাৰিয়ামুখ মুছলমান গাঁও ত বৰ্ষ ২০২১ত সাংস্কৃতিক, শৈক্ষিক আৰু বৌদ্ধিক বিকাশ সাধনৰ বাবে স্থানিয় যুবক যুৱতী সকলৰ দ্বাৰা স্থাপিত ৰেইনব ক্লাবৰ উদ্যোগত আজি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত লেটাৰ মাৰ্ক্স সহ উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা ১২গৰাকী মেধাবী ছাত্ৰ ছাত্ৰী ক এখন এখন ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ আৰু কলম প্ৰদান কৰি অভিনন্দন জনাই শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভবিষ্যতৰ কামনা কৰে।
সন্ধ্যা ৪বজাৰ পৰা আৰম্ভ হোবা সম্বৰ্ধনা অনুষ্ঠান ৰ জ্যেষ্ঠ নাগৰিক মোহিত দাসে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে ৰেইনব ক্লাবৰ উপদেষ্টা তথা গাঁও প্ৰধান ৰন্টু মুদৈ ৰ সভাপতিত্বত আৰু সাংস্কৃতিক সম্পাদক পৰশমনি দাসৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় জ্যেষ্ঠ নাগৰিক হীৰেন নাথ,গাঁও প্ৰধান ৰন্টু মুদৈয়ে ছাত্ৰ ছাত্ৰী ক সম্বোধন কৰাৰ লগতে মেধাবী ছাত্ৰ ছাত্ৰী সকলে নিজৰ মনৰ অনুভব ব্যক্ত কৰে।
অনুষ্ঠানত ৰহা ৰেইনব ক্লাবৰ সভাপতি মহম্মদ ইনামুল হুছেইন, সম্পাদক প্ৰাঞ্জল দাস সহ ৰেইনব ক্লাবৰ সদস্য, সদস্যা সহ জ্যেষ্ঠ নাগৰিক, স্থানীয় ৰাইজ,ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।