শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক চৰকাৰে আজিলৈকে চিনাক্ত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক  । চৰকাৰেও কিয়,  আলফায়েও ২৪ ঘন্টাৰ ভিতৰত দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিম বুলি ঘোষনা কৰিছিলে কিন্তু নোৱাৰিলে” । শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকীত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসমে । নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসমৰ উদ্যোগত মৰাণ সমীপৰ খোৱাং চাৰিআলিত অনুষ্ঠিত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকীত অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । ‘নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসম’ৰ সভাপতি অৰুণ চেতিয়া, সাধাৰণ সম্পাদক লক্ষীনাথ ফুকন, উপ-সভানেত্ৰী ৰেখা গগৈ, মূখ্য সাংগঠিনক সম্পাদিকা ফুলেশ্বৰী গগৈ, মানৱ অধিকাৰ কৰ্মী মনোজ দুৱৰা আদিকে ধৰি কেইবাগৰাকী সংবাদ কৰ্মীয়ে প্ৰয়াত সাংবাদিকগৰাকী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে