ৰহাৰ সমষ্টিৰ অন্তৰ্গত ৰনথলি স্থিত অসমৰ জনপ্ৰিয় অসমীয়া গহনাৰ প্ৰতিষ্ঠান ডুগডুগী ৰ উদ্যোগত অহা ১৫জুনত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব আৰু কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা ৰ লগতে ডুগডুগী ৰ সৰ্বশ্ৰেষ্ঠ অসম গৌৰৱ বঁটা প্ৰদান কৰা হব।
ডুগডুগী ৰ স্বতাধিকাৰী তথা কবি, লেখক,সমাজকৰ্মী উৎপল বনিয়াই জানিব দিয়ে যে অহা ১৫জুনত ডুগডুগী ৰ দ্বাদশ বাৰ্ষিক বৰ্ষপূৰ্তি আৰু ডুগডুগী ফাউণ্ডেশ্যনৰ ২য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হব।
সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৭৫শতাংশতকৈ অধিক নম্বৰ লাভ কৰি গৌৰৱ কঢিয়াই অনা কৃৰ্তী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা জনোৱা ৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত ৩৪গৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হব।
লগতে উৎপল বনিয়াই জানিব দিয়ে যে ডুগডুগী ৰ সৰ্বশ্ৰেষ্ঠ অসম গৌৰৱ বঁটা ২০২৪ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন কৰা হব।
উৎপল বনিয়াই ৰহা সমষ্টিৰ অন্তৰ্গত কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলক নিজৰ নিজৰ মাৰ্কশ্বিট,গাঁৱৰ নাম,পঞ্চায়তৰ নাম,ফোন নম্বৰ সহ ৰহা পুৰনাচাৰিআলীত স্থিত ডুগডুগী ফেশ্বন এণ্ড চাইল্ড কেয়াৰ পিন নম্বৰ ৭৮২১০৩ত অথবা ডুগডুগী নগাঁও শাখা ক্লকটাবাৰৰ কাষত,পিন নম্বৰ ৭৮২০০১ঠিকনাত প্ৰেৰন কৰাৰ লগতে ৬০০৩১০৬১৫৮,৯৩৯৫৬৮৭৫৪৮ আৰু ৮৬৩৮০০৭৭৩৮ নম্বৰৰ ৱাটছএপতো প্ৰেৰন কৰিব পাৰিব।