আজাদী কা অমৃত মহোৎসৱৰ অধীনত আজিৰ পৰা আৰম্ভ হৈছে 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান।

দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপনৰ বাবে আৰম্ভ কৰা এই অভিযানে জনসাধাৰণৰ মাজত নতুন শক্তি সঞ্চাৰিত কৰিছে।

এই অভিযানটো ১৫ আগষ্টলৈকে অব্যাহত থাকিব। 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু তেওঁৰ পত্নী সোনল শ্বাহে তেওঁলোকৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

'হৰ ঘৰ ত্ৰিৰংগা' অভিযানৰ অধীনত দেশত ২০ কোটি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লক্ষ্য বান্ধি লৈছে।