ভাৰতবৰ্ষৰ গৌৰৱ উজ্জ্বল ৭৫ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ''আজাদী কা অমৃত মহোৎসৱ'' উপলক্ষে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি "ঘৰে ঘৰে ত্ৰিৰংগা" কাৰ্যসূচীৰ আহ্বান জনাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি ছয়দুৱাৰ খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ নেতৃত্বত ছয়দুৱাৰ খণ্ড উন্নয়ন কায্যালয়ৰ সমূহ কায্যকৰ্তাৰ সহযোগত বৰঙাবাৰীৰ কনকলতা বৰুৱাৰ প্ৰতিমুৰ্তিত পুষ্পাঞ্জলী অৰ্পন কৰা হয়।

লগতে ছয়দুৱাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন ও পতকা উত্তোলন কৰা হয় । আহক আমি প্ৰত্যেকেই নিজ নিজ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়ত সম্পূৰ্ণ শ্ৰদ্ধা সহকাৰে আমাৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকা উত্তোলন কৰোঁ।