শিৱসাগৰঃ আজি ইংৰাজী ১৪-০৫-২০২৪ তাৰিখে ম’ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সভাকক্ষত শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ সভাপতিত্বত ম’ৰাবজাৰ স্বাস্থ্যখণ্ডৰ অধীনত মৃত্যু হোৱা মুঠ পাঁচটা (৫) শিশুৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈয়ে আঁত ধৰা এই পৰ্যালোচনা সভাত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতালী দুৱৰাই সভাৰ আৰম্ভণিতে উপস্থিত সকলোকে সম্ভাষণ জনোৱাৰ লগতে সভাৰ মূল উদ্দেশ্য ব্যাখ্যা কৰে । সভাৰ আৰম্ভণিতে শিশু মৃত্যুৰ পৰ্যালোচনা কৰি শিশু মৃত্যুৰ বিভিন্ন দিশৰ ওপৰত বিতংভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত স্বাস্থ্যখণ্ডৰ মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে শিশু মৃত্যুৰ সন্দৰ্ভত পি পি টি আকাৰে উপস্থাপন কৰে । এই পৰ্যালোচনা সভাত মৃতকৰ ঘৰৰ অভিভাৱকসকল, আশা, চিকিৎসক, স্বাস্থ্য বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, কৰ্মী, ANM, চিকিৎসকসকল উপস্থিত থাকে । আয়ুক্তগৰাকীয়ে মৃত্যু হোৱা নৱজাতকৰ অভিভাৱকসকলৰ লগত অতি গুৰুত্বসহকাৰে প্ৰাক্‌ প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি প্ৰসৱৰ মূহূৰ্ত্তলৈকে বিভিন্ন দিশৰ ওপৰত সম্ভাৱ্য প্ৰশ্ন উত্থাপন কৰি প্ৰতিটো দিশ বিশদভাৱে আলোচনা কৰে ৷ পৰ্যালোচনা সভাত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে গুণগত মানদণ্ডৰ প্ৰাক্‌ প্ৰসৱকালীন স্বাস্থ্যপৰীক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি চিকিৎসা কৰিবৰ বাবে চিকিৎসকসকলক আহ্বান জনোৱাৰ উপৰিও প্ৰতিগৰাকী বিপদসংকুল গৰ্ভাৱস্থাৰ লোকক follow-up কৰিবলৈ চিকিৎসকসকলক আহ্বান জনায় । আয়ুক্তগৰাকীয়ে মৰাবজাৰ স্বাস্থ্যখণ্ডৰ বৃদ্ধি পোৱা নৱজাতক মৃত্যুৰ হাৰ অনতিপলমে হ্ৰাস হ'ব বুলিও আশা প্ৰকাশ কৰে ৷ উক্ত সভাত নৱজাতক মৃত্যুৰ ন'ডেল বিষয়া ডাঃ সুকল্যাণ দাস, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ ৰূপম বৰকাকতি,স্বাস্থ্য প্ৰতিষ্ঠানটিৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ললিত শইকীয়া, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনৰ লগতে ডি পি এম ইউ আৰু ম'ৰাবজাৰ স্বাস্থ্যখণ্ডৰ বি পি এম ইউৰ সদস্যসকল উপস্থিত থাকে।