বৰহাটৰ বৰপাত্ৰ চাহ বাগিচাত জল জীবন আঁচনিৰ নামত ব্যাপক দুৰ্নীতি,জাঙুৰ খাই উঠিছে আটছা

চৰকাৰে যিমানে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা কথা কৈ আছে। সিমানেই যেন দুৰ্নীতি আৰু বেছি হৈ আছে। 

উদাহৰণ স্বৰূপে চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাত জল জীবন আঁচনিৰ অধীনত বিশুদ্ধ খোৱা পানীৰ বাবে ঘৰে ঘৰে যি পানীৰ পাইপ সংযোগ কৰি আছে সেই কামবোৰত ঠিকাদাৰে নিম্ন মানৰ কাম কৰি টকা হৰলুকি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে চৰকাৰী নিয়ম অনুসৰি পানীৰ পাইপ বিলাক প্ৰায় ২ ফুট গাঁত সান্দি বহুৱাব লাগে কিন্তু ঠিকাদৰে কিছুমান ঠাইত ১ ইঞ্চি গাঁত কৰি পাইপ বিলাক বহুৱাইছে আৰু আন কিছুমান ঠাইত কোনো গাঁত নকৰাকে মাটিৰ ওপৰেৰে লৈ যোৱা হৈছে। ঠিকাদাৰ এনে কাৰ্যৰ বাবে জাঙুৰ খাই উঠিছে চাহ জনজাতি ছাত্ৰ সন্থা বৰহাট উপ শাখা সমিতি আনহাতে বাগিচ খনৰ বিভিন্ন স্থানত কেৱল নলা খান্দি থোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ বৰপাত্ৰ বাগিচাৰ বঞ্চিত হৈ থকা লোকৰ বাসগৃহৰ সন্মুখত উন্নত মানৰ পানী পাইপ সংযোগ কৰি দিবলৈ দাবী জনাইছে।