৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ উপলক্ষে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ লগত সংগতি লগত ৰাখি শনিবাৰে ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত উত্তোলন কৰিলে জাতীয় পতাকা। জিলা বিজেপিৰ সাধাৰণ সম্পাদক প্ৰশান্ত গগৈয়ে জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ কাৰ্যসূচী উদযাপন কৰে।

আজিৰ পৰা অহা ১৫ আগষ্টলৈকে দেশজুৰি পালন কৰিবলগীয়া 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল ৰূপায়নৰ বাবে আহ্বান জনায়। এই পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে ডিব্রুগড় উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বালিকা বিদ্যালয়ৰ ছাত্রীসকলৰ মাজত জাতীয় পতাকা বিতৰণ কৰা হয়।

এই কাৰ্যসূচীত জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক মণি শইকীয়া, জিলা বিজেপি মহিলা মৰ্চাৰ সংবাদকোষৰ আহ্বায়িকা দীপা দাস, সম্পাদিকা মীনা গগৈ, জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উপ-সভানেত্রী  পাৰবীন চুলতানা, জিলা বিজেপি মহিলা মৰ্চাৰ কাৰ্যকৰী সম্পাদিকা বিজু কলিতা উপস্থিত থাকে।