দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত ৰহস্যজনক অৱস্থাত ঢেকীয়াজুলিৰ প্ৰজা পথাৰ গাঁৱৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ যোৱা ১১ জুনত মৃত্যু হৈছিল। ঘটনা সংক্রান্তত আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ প্ৰকাশ হোৱাৰ পিছত বিষয়টো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হয়। আজি মুখ্যমন্ত্ৰী ড° শৰ্মাই আৰক্ষী সঞ্চালক | প্রধান ভাস্কৰজ্যোতি মহস্তক লগত লৈ বিষয়টো সংক্ৰান্তত মৃত কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক সাক্ষাৎ।

উল্লেখ্য যে মৃত্যুৰ সময়ত কিশোৰীগৰাকী চিপ লৈ ওলমি থকা অৱস্থাত পোৱা গৈছিল। এই ঘটনাৰ তদন্তৰ সময়ত ফটো আৰু ভিডিঅ' প্ৰমাণ সংগ্ৰহৰ ক্ষেত্ৰত আৰক্ষীয়ে গালিতি কৰা পৰিলক্ষিত হয়। তদুপৰি ধূলা থানাৰ আৰক্ষী বিষয়াই কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গক এজাহাৰ দাখিলৰ ক্ষেত্ৰতো বাধা প্ৰদানৰ গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে লাভ কৰে।