সদৌ অসম শিল্পী কাননৰ অধীনস্থ ৰহা আঞ্চলিক শিল্পী কাননৰ উদ্যোগত অহা ২০ আৰু ২৩জুনত দুদিনীয়া কাৰ্য্যসূচীৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ আজি ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ ত ৰহা আঞ্চলিক শিল্পী কাননৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ বৰদলৈৰ সভাপতিত্বত আৰু সম্পাদক ভাস্কৰ পাতৰে আঁত ধৰা বিশেষ সভাত সদৌ অসম শিল্পী কাননৰ সাধাৰণ সম্পাদক মৃদু পবন বৰা,ৰহা আঞ্চলিক শিল্পী কাননৰ উপ সভাপতি দিলীপ ৰাজখোৱা, টুনটুন দেবী সহ ৰহা আঞ্চলিক শিল্পী কাননৰ সদস্য সদস্যা উপস্থিত থকাৰ লগতে সভাত ৰাভা দিৱস উদযাপন ৰ প্ৰস্তুতি বিষয়ে বিস্তৃত আলোচনা কৰাৰ লগতে অহা ২০ আৰু ২৩ জুনত দুদিনীয়া কাৰ্য্যসূচীৰে ৰাভা দিৱস উদযাপন ৰ প্ৰস্তাৱ গ্ৰহন কৰাৰ লগতে ২০জুন ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যৰৰ্পন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰি প্ৰথম দিনৰ কাৰ্য্যসূচী সমাপন কৰিব আৰু দ্বিতীয় দিন ২৩জুনত ৰাভা দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা,ৰাভা সংগীত প্ৰতিযোগিতা ৰ লগতে নাট মঞ্চস্থ কৰাৰ লগতে সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰত জড়িত ব্যক্তি সহ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাত সু খ্যাতি ৰে উওিৰ্ন হৈ গৌৰৱ কঢিয়াই অনা মেধাবী ছাত্ৰ ছাত্ৰী ক সম্বৰ্ধনা জনোৱা ৰ প্ৰস্তাৱ গ্ৰহন কৰে।