দেশ ব্যপি উদযাপন কৰি থকা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অন্তৰ্গত আজি পুৱা সোণাৰিত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আজি পুৱা চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত, চৰাইদেউ জিলা ক্ৰীড়া সন্থা আৰু মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত সোণাৰি অৱর্ত ভৱনৰ পৰা সোণাৰি পুখুৰী পৰ্যন্ত এক পদযাত্ৰা উলিওৱা হয়।

আনহাতে সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে এক ত্ৰিৰংগা শোভাযাত্ৰা উলিয়ায়।